Obey Messenger" means obey Bukhari etc extra notes?

”Obey Ellah and obey the Messenger”-1

ক্ৰমিক নংঃ-102

"আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’

Obey E'llah and obey the messenger 

أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ

সচৰাচৰ চলি থকা কথাই ইয়াৰ অৰ্থ কৰেঃ "আল্লাহৰ আনুগত্য কৰা" মানে কোৰআন আৰু  "ৰাছুলৰ আনুগত্য কৰা" মানে বুখাৰিআদি হাদিসৰ কিতাপক বুজাই দিয়ে।

গতিকে যেতিয়ালৈকে উক্ত আয়াতংশক বুজি নেপাব তেতিয়ালৈকে ইছলামক বুজিও নেপাব আৰু ইয়াৰ মাজত নেথাকিবও।

বিষয় বস্তুৰ মাজত সোমোৱাৰ আগতে কেইটামান আয়াতৰ উদাহৰণ লোৱা যাওকঃ

٤٦:٢٤

لَقَدْ أَنْزَلْنَا آيَاتٍ مُبَيِّنَاتٍ ۚ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ

২৪:৪৬

অৱশ্যে আমিয়েই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, আৰু আল্লাহে যাক ইচ্ছা সৰল-সঠিক পথত পৰিচালিত কৰে।

٤٧:٢٤

وَيَقُولُونَ آمَنَّا بِاللَّهِ وَبِالرَّسُولِ ⬅️وَأَطَعْنَا➡️ ثُمَّ يَتَوَلَّىٰ فَرِيقٌ مِنْهُمْ مِنْ بَعْدِ ذَٰلِكَ ۚ وَمَا أُولَٰئِكَ بِالْمُؤْمِنِينَ

২৪:৪৭

সিহঁতে কয়, ‘আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছো আৰু ➡️আমি আনুগত্য কৰিছো’⬅️। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়; প্ৰকৃততে সিহঁত মুমিন নহয়।

( ➡️আমি আনুগত্য কৰিছো’⬅️ইয়াত এজনৰ আনুগত্য কৰা বুজাইছে)

٨:٢٩

وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ حُسْنًا ۖ وَإِنْ جَاهَدَاكَ لِتُشْرِكَ بِي مَا لَيْسَ لَكَ بِهِ عِلْمٌ فَلَا تُطِعْهُمَا ۚ إِلَيَّ مَرْجِعُكُمْ فَأُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ

২৯:৮

আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছো। কিন্তু সিহঁতে যদি তোমাৰ ওপৰত বল প্ৰয়োগ কৰে মোৰ লগত শ্বিৰ্ক কৰিবলৈ যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা(দুজনৰ আনুগত্য নকৰিবা)। মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।

”Obey Ellah and obey the Messenger”-2.ক্ৰমিক নংঃ-103

তলৰ তেওঁৰ(ৰছুল) আনুগত্য কৰা মানে কি তাক স্পষ্ট কৰি দিছে এনেকৈঃ ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া। অৰ্থাৎ আল্লাহৰ বাণী!

٥٤:٢٤

قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ ۖ وَإِنْ تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ

২৪:৫৪

কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।

যিসকলে ৰছুলৰ আনুগত্য মানে হাদিস অনুসৰণ কৰা বুজে তেওঁলোকে কোৰআন মনাৰ প্ৰশ্নই নুঠে।

ৰাছুলৰ আনুগত্য কৰা মানে নিশ্চয় আল্লাহৰেই আনুগত্য কৰা অৰ্থাৎ কোৰআন!

٨٠:٤

مَنْ يُطِعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ ۖ وَمَنْ تَوَلَّىٰ فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا

৪:৮০

যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।

যিসকলে কোৰআন আৰু বুখাৰি আদিৰ হাদিসক সনাপুতুকা কৰি এটা মধ্যৱৰ্তী পথ অৱলম্বন কৰিব বিচাৰে তেওঁলোকৰ কথা তলত ৪:১৫১ ত কৈছে!ভাবক!

١٥٠:٤

إِنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ وَرُسُلِهِ وَيُرِيدُونَ أَنْ يُفَرِّقُوا بَيْنَ اللَّهِ وَرُسُلِهِ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَنْ يَتَّخِذُوا بَيْنَ ذَٰلِكَ سَبِيلًا

৪:১৫০

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।

١٥١:٤

أُولَٰئِكَ هُمُ الْكَافِرُونَ حَقًّا ۚ وَأَعْتَدْنَا لِلْكَافِرِينَ عَذَابًا مُهِينًا

৪:১৫১

ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

🌐102-103="Obey Messenger" means obey Bukhari etc extra notes?:
102-https://www.facebook.com/100003598598517/posts/2363990517064212/?app=fbl

103-https://www.facebook.com/100003598598517/posts/2364855873644343/?app=fbl
.

Compiled.syedraf.nazvilla.2022

.

Compiled.syedraf.

Comments

Popular posts from this blog

WHY NOT MENTIONED “OBEY MUHAMMAD” IN QURAN?