How first so-called Hadith entered in Islam?

প্ৰথম তথাকথিত হাদিসৰ জন্ম-1️⃣

”Obey Ellah and obey the Messenger”-6️⃣

ক্ৰমিক নংঃ-1️⃣0️⃣7️⃣(যোৱা সংখ্যাৰ পিছৰ পৰা...)

⬇️⬇️

যোৱা খণ্ডত কৈছিলোযে আমি "Obey E'llah and Obey the Messenger" এই বিষয়ৰ ওপৰত ক্ৰমিক:১-৪ লৈকে লিখিনিত ঐতিহাসিক যুক্তিৰে দেখুৱাইছোযে খোলাফায়ে ৰাছেদিনৰ (চাৰি চাহাবা) যুগত কোনো দুইনম্বৰী হাদিসৰ আমল কৰাৰ কাৰো সাহস নাছিল। 

।।।।

🎊কিয় আমি বাৰে বাৰে কথাবোৰ হাদিসৰ ফালে লৈ আনিছো!?

।।।।

ইতিহাসে কয়ঃ

বিদায়ী হজৰ ভাষণৰ পাছত মদিনালৈ ঘূৰি আহিয়েই ৰাছুল মহম্মদ(আ:ছা:) অসুস্থ হৈ পৰে। দিনে দিনে এই অসুস্থতা বাঢ়িগৈ থাকে। সেই অসুস্থতাৰ পৰা তেওঁ আৰু সুস্থ হৈ নুঠিল। এই ঘটনাৰ তিনি মাহৰ ভিতৰত ৰাছুলে (আ:ছা:) মৃত্যুবৰণ কৰে।

⬇️

হাদিস বর্ণনাকাৰিৰ জন্ম:

ৰাছুল মহম্মদৰ(আ:ছা:) লাশ দাফন কৰাৰ আগতেই প্রশ্ন উঠে তেওঁৰ উত্তৰাধিকাৰ কোন হ'ব? এই সিদ্ধান্ত গ্রহণত যেতিয়া তেওঁৰ ঘনিষ্ট সাহাবীসকলে বিভিন্ন মতামত দিছিল ঠিক তেতিয়াই তিনিজন হাদিস বৰ্ণনাকাৰীৰ জন্মক্ষন। এই তিনিজন ৰাছুলৰ নামত তিনিটা হাদিস হাজিৰ কৰে। এই তিনিজন বর্ণনাকাৰি হৈছে:

১. সাদ ইবনে আবু ওয়াক্কাস (ৰা:),

২. আয়েশা (ৰা:) আৰু

৩. হাফসা (ৰা:)।

এই তিনিজনে ‘ৰাছুলে কৈছিল’ বুলি দাবী কৰি হাদিসৰ ইতিহাসত প্রকাশ্যে তিনিটা হাদিসৰ জন্ম দিয়ে। যি ৰাছুলৰ হাদিসৰ ইতিহাসত প্রথম তিনিটা হাদিস। এই তিনিটি হাদিসৰ দুটাই স্থান পাইছে ছিয়া সিত্তাত । এটা ইমাম বুখাৰিৰ সংকলনত। আনটো ইমাম মুছলিমৰ সংকলনত। তৃতীয় হাদিসটোৱে স্থান পাইছে ইবনে ইসহাকৰ ছিৰাত ৰাছুল আল্লাহ গ্রন্থত।

যদিও ভিন্ন ভাৱে হলেও এই তিনিটা হাদিসেই স্থান পাইছে, আৰবৰ ইতিহাসৰ আটাইতকৈ পুৰণি লিখিত দলিল (কোৰআনৰ পাছত  আটাইতকৈ পুৰণি লিখিত দলিল- যাৰ মূলকপি বর্তমান) ইবনে ইসহাকৰ সিৰাত ৰাছুল আল্লাহ আৰু আল তাবাৰীৰ তৰিকাহ আল ৰাছুল আল মূলক গ্রন্থ।

।।।।

এই তিনিটা হাদিস আছিল ৰছুলৰ উত্তৰাধিকাৰ মতামত। কিন্তু তিনিওটাৰে মত আছিল ভিন্ন। প্ৰশ্ন হয় চাৰি সাহাবা আৰু আন সাহাবাসকলে উক্ত হাদিস ভিত্তিতেই ৰছুলৰ উত্তৰাধিকা নিৰ্নয় কৰিছিল নে?

।।।

প্ৰথম তথাকথিত হাদিসৰ জন্ম-2️⃣Sl-108(7)

ৰছুলৰ নামত আলোচিত তিনি হাদিসঃ

🟣১. আলী (ৰা:) ৰছুলৰ উত্তৰাধিকাৰঃ

সাদ ইবনে আবু ওয়াক্কাসে (ৰা:) বর্ণনা কৰিছে : খায়বাৰৰ যুদ্ধৰ দিনৰ ঘটনাৰ উল্লেখ কৰি ৰছুলে কৈছিল, এনে এজনৰ হাতত মই পতাকা তুলি দিম যি আল্লাহ ৰছুলক ভাল পায় আৰু আল্লাহ ও তেওঁৰ ৰছুলেও তেওঁক ভাল পায়। বিজয় অর্জিত হোৱাৰ পাছত ৰছুলে, আলী (ৰা:), ফাতেমা (ৰা:) তেওঁলোকৰ দুই পুত্র হাসান ও হুছেইনক মাতিলে আৰু আলীৰ (ৰা:) হাতত পতাকা তুলিদি ক'লে, এয়াই আমাৰ পৰিৱাৰ। (ইসলামিক ফাউন্ডেশন অনূদিত মুসলিম শৰিফ- পঞ্চম খন্ড, ৬০০২ নম্বৰ হাদিস)

🟠২. আবু বকৰ ৰা: ৰছুলৰ উত্তৰাধিকাৰঃ

“আয়েশাৰ (ৰা:) পৰা বর্ণিত : তেওঁ কৈছিল,  ৰছুল (স:) মোক মাতি ৰোগ শয্যাতে ক'লে, তোমাৰ আব্বা ও ভাইক মাতি আনা। মই এখন পত্র লিখি দিওঁ। কিয়নো মই ভয় কৰিছোযে, কোনো বাসনা পোষণকাৰী বাসনা কৰিব আৰু কোনোৱে ক'ব 

মইয়েই অগ্রাধিকাৰী (অধিক যোগ্য)। অথচ আবু বকৰ বাদে অন্য কাকোৱেই আল্লাহে অস্বীকাৰ কৰিছে আৰু মুছলমানেও (অস্বীকাৰ কৰে)। (ইসলামিক ফাউন্ডেশন অনূদিত মুসলিম শৰিফ- পঞ্চম খ-, ৫,৯৬৫ নম্বৰ হাদিস)

🔴৩.ওমৰ (ৰা:) ৰছুলৰ উত্তৰাধিকাৰ:

ৰছুলৰ আৰু এক স্ত্রী হজৰত ওমৰৰ কন্যা হাফসা  তেওঁৰ পিতাৰ পক্ষে অৱস্থানলৈ দাবী কৰিলে ৰছুলৰ মৃত্যুৰ আগতে তেওঁক কৈ যায়, তেওঁৰ পিতাকে যেন ৰছুলৰ উত্তৰাধিকাৰ কৰা হয়।(ইবনে ইসহাক: সিৰাত ৰাসুল আল্লাহ)।

ইবণে ইসহাক আৰু আল তাবাৰীৰ বর্ণনা:

ইবনে ইসহাক ও আল-তাবাৰিয়ে তেওঁলোকৰ গ্রন্থত বর্ণনা কৰিছে, মুহাম্মাদ (সঃ) মক্কাত আখেৰি হজ পালনৰ শেষত মদিনালৈ ঘূৰাৰ পথত এদিন ৰাতি মক্কা ও মদিনাৰ মধ্যবর্তী এটা পানীৰ উৎস ‘গাধিৰ ধুম’ এলাকাত তম্বু পাতিলে। ঠিক একে সময়ত আলী  ইয়েমেন বিজয়ৰ শেষত মদিনালৈ ঘূৰি আহিছিল আৰু এই ‘গাধিৰ ধুম’-ত মুহাম্মাদ (সঃ)-ৰ কাফেলাৰ লগত মিলিত হয় তাত সেই ৰাতি এক উৎসৱমুখৰ পৰিবেশেৰ সৃষ্টি হয়। এশাৰ নামাজৰ পাছত মুহাম্মাদে (সঃ) তেওঁৰ নিকটৱৰ্তী আত্মীয় ও জুৱাই আৰু মক্কাৰ প্রথমপর্ব ইসলাম প্রচাৰৰ সময়ৰ পৰা ৰাসুলৰ(সঃ) একান্ত বিশ্বস্ত শিষ্য ও প্রতিটি যুদ্ধৰ লগৰিয়া হজৰত আলীক মাতি আনি তেওঁৰ নিজৰ একাষে ঠিয় কৰালে। এক পর্যায়ত তেওঁ হজৰত আলীৰ হাতখন নিজৰ হাতলৈ আনি হাত ঊর্ধ্বে তুলি ধৰি অত্যন্ত আবেগময় ভাষাত ক'লে, ‘আমি আমাৰ যি মহান প্রভুৰ বান্দা, আমাৰ মতেই আলীও সেই প্রভুৰ বান্দা। যি তাৰ (আলী) বন্ধু, তেওঁ আল্লাহৰ বন্ধু, যি তেওঁৰ (আলী) শত্রু, তেওঁ আল্লাহৰ শত্রু।

এই ভাষণৰ পিছত মদিনালৈ ঘূৰি আহি ৰাসুল (সঃ) অসুস্থ হৈ পৰে। দিনে দিনে এই অসুস্থতা বাঢ়িগৈ থাকে। সেই অসুস্থতাৰ পৰা তেওঁ আৰু সুস্থ হৈ নুঠিল। এই ঘটনাৰ তিনি মাহৰ ভিতৰত ৰাসুলে (সঃ) মৃত্যুবৰণ কৰে। ৰাসুলৰ মৃতূ্ৰ পাছত তেওঁৰ লাশ দাফন কৰাৰ আগে কোন তেওঁৰ উত্তৰাধিকাৰি হ'ব তাৰ প্রশ্ন উঠে। এই অবস্থাত কিছু লোকে উল্লেখিত হাদিস বর্ণনা কৰি আলীকেই ৰাসুলৰ উত্তাৰাধিকাৰৰ দাবী কৰে। এই প্রেক্ষিতত ৰাসুলৰ (স:) স্ত্রীয়ে আবুবকৰৰ  কন্যা আয়েশাই কিছু লোকক  মাতি আনি কয়, ৰাসুলুল্লাহে (সঃ) তেওঁৰ মৃত্যুৰ আগতে তেওঁক তেওঁৰ পিতাকক উত্তাৰাধিকাৰ হিচাপে কৈ গৈছিল। একেই সময়ত ৰাসুলৰ (সঃ) আৰু এক স্ত্রী হজৰত ওমৰৰ কন্যা হাফসাই দাবী কৰিলে, ৰাসুলে মৃত্যুৰ আগতে তেওঁক কৈ গৈছিল তেওঁৰ পিতাকক যেন ৰাসুলৰ উত্তৰাধিকাৰ কৰা হয়। (ইবনে ইসহাক: সিরাত ৰাসুল আল্লাহ)।

(বাংলাৰ পৰা অনুবাদ-ৰফ)

প্ৰথম তথাকথিত হাদিসৰ জন্ম-3️⃣Sl-109(8)

উত্তৰাধিকাৰঃ: সিদ্ধান্ত গ্রহণ:-

ৰাসুলৰ (সালামুন আলাল মুৰসালিন) মৃত্যুৰ পাছত তেওঁৰ উত্তৰাধিকাকলৈ বেছ উত্তেজনাৰ সৃষ্টি হয়। তিনিজন নবজন্মকৃত হাদিস বর্ণনাকাৰগৰ তিনটি পৃথক বক্তব্য লৈ তিনটি হাদিস সাধাৰণ মানুহৰ মাজত এই বিষয়ত উত্তজনা-বিভেদ আৰু বঢ়াই দিয়ে। কেবাটাও পক্ষৰ সৃষ্টি হয়। কিন্তু, যিহেতু ৰাসুল (সালামুন আলাল মুৰসালিন)-ৰ দীর্ঘদিনৰ ঘনিষ্ট সাহাবিৰ প্ৰায় সকলোৱেই জীৱিত, গতিকে তেওঁলোকে সেই 📍হাদিসক তেওঁলোকৰ সিদ্ধান্তত অগ্ৰাহ্য কৰিলে। তেওঁলোকে 📍কোৰআনৰ আদেশমতে নিজেৰ মাজত পৰামর্শ কৰাৰ সিদ্ধান্ত ললে। এই পৰিপ্রেক্ষিতত শীর্ষ সাহাবীসকলকলৈ গঠন কৰা হয় পৰামর্শক দল। এই পৰামর্শক দলৰ সংখ্যাগৰিষ্ঠৰ মত অনুযায়ী আবুবকৰ (ৰা:) ৰাসুলৰ উত্তৰাধিকাৰ নির্বাচিত হয়।

ইতিহাসে কয়, এই পৰামর্শক দলৰ সংখ্যাগৰিষ্ঠৰ সিদ্ধান্ত অনুযায়ী পৰৱর্তীত আৰু ৪ খলিফা নির্বাচিত হয়। কিন্তু মুয়াবিয়াৰ শাসণৰ শেষ পর্যায়ত এই পৰামর্শক দলৰ অস্তিত্ব বিপন্ন হয়। ইয়াৰ পাছতেই তাত আৰবৰ জাহেলিয়াত যুগৰ নিয়ম অনুযায়ী বংশ পৰস্পৰা শাসন ঘূৰি আহে।📍অবহেলিত হ'বলৈ ধৰে কোৰআনৰ বাণী। (সিৰাত ৰাসুল আল্লাহ -ইবনে ইসহাক; :তৰিকাহ আল ৰাসুল আল মুলক:আল তাবাৰী)।

(📍এই চিহ্নৰ কথাবোৰ মন কৰিব-ৰফ)

।।।।

নবজন্মকৃত হাদিসৰ প্রভাৱঃ

তাৎক্ষনিকভাবে এই নবজন্মকৃত হাদিস বর্ণনাকাৰি বা তেওঁলোকৰ বর্ণিত হাদিস সাহাবীসকলৰ সিদ্ধান্ত গ্রহণয বা ইসলামৰ নীতি-ৰীতি, সিদ্ধান্ত গ্রহণত কোনো প্রভাব নপৰিলেও ইয়াৰ সামগ্রিক প্রভাব আছিল ভয়াবহ। ইয়াৰ পাছত যেতিয়াই কোনো সংকটজনক পৰিস্থিতি সৃষ্টি হৈছিল বা কোনো গুৰুত্বপূর্ণ সিদ্ধান্ত নিয়াৰ প্রসঙ্গ আহিছিল তেতিয়াই বহু লোকে সেই সংক্রান্তৰ কিছু হাদিস (!) লৈ হাজিৰ হৈছিল। সেয়েহে প্রথম তিনি হাদিস বর্ণণাকাৰি আৰু তেওঁলোকৰ তিনি হাদিস জন্ম গ্রহণৰ কেই বছৰৰ ভিতৰতে আৰু বহু হাদিস জন্ম গ্রহণ কৰে।প্রথম চাৰি আমিৰুল মুমিনৰ শাসন কালত এইবোৰ বিষয়ে তেওঁলোকৰ কঠোৰ মনোভাৱৰ কাৰণে এইবোৰ হাদিস বর্ণনাকাৰি ৰাষ্ট্রীয় নীতি-নির্ধাৰণত বা সিদ্ধান্ত গ্রহণত তেনে কোনো প্রভাব বিস্তাৰ কৰিব নোৱাৰিলেও  সমাজত সাধাৰণ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব পাৰিছিল। এনেকি এইবোৰ হাদিস বর্নণা কৰি আমেৰুল মুমিনসহ ৰাষ্ট্রৰ বিৰুদ্ধে জনমত গঠন কৰা হয়। দিনে দিনেই হাদিস বর্নণাকাৰি আৰু ৰাসুলৰ নামত হাদিসৰ সংখ্যা গৈথাকে। বহু ৰক্তপাতৰ জন্ম দিয়ে।

প্রথম চাৰি আমেৰুল মুমিনৰ শাসণৰ পাছত সেইবোৰ হু হুৱাই বাঢ়িবলৈ ধৰে। আৰু পৰৱর্তীত এই হাদিসৰ সংখ্যা বহু লাখত প্ৰচাৰ হৈ যায়। এই সময়ত কোৰআনৰ পৰিৱর্তে ৰাষ্ট্রীয় নীতি-সিদ্ধান্ত গ্রহণত হাদিস লাহে লাহে শক্তিশালী হ'বলৈ আৰম্ভ কৰে। ৰাষ্ট্রীয় কর্মচাৰি হ'বলৈ হ'লে এই হাদিস জানাত গুৰুত্ব দিয়া আৰম্ভ হয়। এইবোৰ হাদিস বর্নণাকাৰিয়ে গঢ়ি তুলে মাদ্রাসা। ইয়াৰ ভিত্তিতে গঢ়ি উঠিবলৈ আৰম্ভ কৰে, ইসলামৰ নামত নতুন নতুন আইন, ৰীতি-নীতি ইত্যাদি। ইসলামৰ নামত সেই ট্রাডিশন এতিয়াও অব্যাহত।

ৰাসুল (সালামুন আলাল মুৰসালিন)-ৰ শেষ ইচ্ছা আল্লাহে পুৰণ নকৰিলে (?)

আয়েশা ৰা:-ৰ  বর্ণনা সত্য হ'লে- তেওঁৰ দাবী অনুযায়ী আল্লাহৰ ৰাসুলৰ শেষ ইচ্ছা আছিল তেওঁ তেওঁৰ ওসিয়ত কৰি যাব। এই বাবে তেওঁ মৃতূ্ৰ আগতে বিচাৰিছিল পত্র লিখি দি যাব অথবা আবুবকৰ (ৰা) আৰু তেওঁৰ পুত্রক মাতি আনি তেওঁলোকৰ লগত কথা ক'ব আৰু তাক লিখিত আকাৰে দিব। কিন্তু বাস্তৱত দেখা গ'ল তেওঁৰ সেই ইচ্ছা পূর্ণ নহ'ল। তাৰ আগতেই আল্লাহে তেওঁক লৈ যায়! (চাওঁক কোৰআনত ওসিয়াত সংক্রান্ত আয়াত: ৫. ১০৬, ১০৭, ১০৮- দুজন সাক্ষী আৰ লিখিত)।।

💟Raf's note: This Hadiths description translated from my friend SYED WALI(New York).

প্ৰথম তথাকথিত হাদিসৰ জন্ম-4️⃣Sl-110(9)

🟣কোৰআন নুবুজাকে বাহিৰা নোটবুকেৰে ইছলাম বুজিলো বুলি ভাৱি জন্নত পাম বুলি যদি এতিয়াও ই'গত দুবগৈ আছে তেন্তে মহা ভুল কৰিছে। জীৱনত যদি আয়ুস পাইছে এই মূহুৰ্ততে নোটবুক দলিয়াইদি কোৰআনলৈ ঘূৰি আহক।

।।।।

তলৰ দুটা সৰু ভিদিঅ' চাই তলৰ কথাবোৰ যিভাষাতেই নিদিও কিয় বুজাৰ চেষ্টা কৰকঃ

VIDEO1

VIDEO2

আমি আগৰ খণ্ডত খুলাফা ৰাছেদেনৰ দিনতযে তথাকথিত হাদিস ইছলামত প্ৰবেশ কৰিব পৰা নাছিল তাৰ বিষয়ে কৈছিলো।

তাৰ পাছত ৭৫০খৃষ্টাব্দত ইছলামৰ অৱস্থা কি হ'ল মন কৰক⬇️

Abbasid Empire, tried to change Arabic Text of Quran: ABBASID

।।।।

🟠ভাৱ হয় এক্সট্ৰা নোট বুক নোহোৱাকৈ চাৰি সাহাবাৰ দিনত কেনেকৈ ইছলাম চলিছিল.....

Ther was no any kind of extra-Quranic manuscripts never existed in the era of Prophet and Four Caliphs?

SEE- CALIPHS

।।।।

(হাদিসৰ অনুসন্ধানত)

 🌶comp🌶edit🦀writer🌶syedraf🌶

📚(লিখনীৰ আঁৰৰ বিশেষজ্ঞ আৰু লেখকসকলঃ

🅰মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (কানাডা)।

🅱লেখকঃ ডাঃ এচ,আহমেদ (ফ্লৰিদা), 

জি,এ,পাৰৱেয(পাকিস্তান), এডিপ-লেথ (আমেৰিকা)।

ক্ৰমশঃ...।।।।

Fblink:+

🔴107-110=How first so-called Hadith entered in Islam?
107(1)-https://www.facebook.com/100003598598517/posts/2369164416546822/?app=fbl

108(2)-https://www.facebook.com/100003598598517/posts/2370078163122114/?app=fbl

109(3)-https://www.facebook.com/100003598598517/posts/2370954203034510/?app=fbl

110(4)-https://www.facebook.com/100003598598517/posts/2371784809618116/?app=fbl

Comments

Popular posts from this blog

WHY NOT MENTIONED “OBEY MUHAMMAD” IN QURAN?

Obey Messenger" means obey Bukhari etc extra notes?