Meaning of "Good Example' means Sunnah of Prophet?
”Obey Ellah and obey the Messenger”-5️⃣
ক্ৰমিক নংঃ-1️⃣0️⃣6️⃣(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"কোৰআন দ্যা আহছানাল হাদিস"
("Quran the Ahsanal Hadith")🔴
🔰চৈয়দ ৰফ🔰
।।।।
⬇️⬇️
কোৰআনত হাদিস, চুন্নাহ, সংবাদ, কাহিনী আদি বিভিন্ন কথা-বতৰাৰ সমাহাৰ ঘটিছে। এই সকলোবোৰ আমাৰ ধাৰাবাহিক লিখনিৰ প্ৰথমেই ক্ৰঃ ১-৭ৰ মাজত বিস্তৃত আলোচনা কৰি আহিছো, চাওঁক:
https://fb-ahsanal.blogspot.com/2021/09/hadithssunnah-etc-in-quran.html?m=1
।।।।
"নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে।...."(৬০:৪).
.
ইব্ৰাহীমৰ আ:ছা: বুখাৰি আদিৰ দৰে কিবা হাদিস আছে নেকি যাক উত্তম আদৰ্শ বুলি মানিব?
এই উত্তম আদৰ্শ কেৱল কোৰআনতেই উল্লেখ কৰা হৈছে, কোনো বাহিৰা কিতাপত নহয়।
.
ঠিক একেদৰেই মহম্মদৰ আ:ছা: উত্তম আদৰ্শ কেৱল কোৰআনতেই পাব।
৩৩:২১
لَقَدْ كَانَ لَكُمْ فِي رَسُولِ اللَّهِ أُسْوَةٌ حَسَنَةٌ لِمَنْ كَانَ يَرْجُو اللَّهَ وَالْيَوْمَ الْآخِرَ وَذَكَرَ اللَّهَ كَثِيرًا
অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে।
.
৩৩:২১ আয়াতক নিজ মতলবত মুখে মুখে শুনি বনাই মেলি লোৱা ৰছুলৰ মৃত্যুৰ ২০০/২৫০ বছৰৰ পাছত মন গঢ়া ছিয়াছিত্তা আদি হাদিসলৈ পুনালে নহ'ব।
উত্তম আদৰ্শৰ মূল বিষয়বস্তু এনেঃ
⬇️
"নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে সেইসকল লোকৰ মাজত, যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰে; আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত যে) নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।"(৬০:৬).
।।।।
আমি "obey E'llah and obey the messenger" এই বিষয়ৰ ওপৰত খণ্ড:১-৪ লৈকে লিখিনিত ঐতিহাসিক যুক্তিৰে কৈছোযে খোলাফায়ে ৰাছেদিনৰ (চাৰি চাহাবা) যুগত কোনো দুইনম্বৰী হাদিসৰ আমল কৰাৰ কাৰো সাহস নাছিল। এইবোৰৰ সংযোগ ঘটে মজহাবি চাৰি ঈমামৰ দিনত প্ৰায় দেৰশ বছৰৰ পাছত। আৰু ২০০/২৫০ বছৰৰ পাছত ছিয়াছিত্তাৰ ঈমামসকলে ইছলামক কলুষিত কৰিবলৈ হাদিসবোৰ লিখে যি আজি লৈকে চলি আছে।।
।।।।
উপৰত উল্লেখ কৰাৰ দৰে আৰু দুই ধৰণৰ আয়াত আছে। এবিধ প্ৰত্যক্ষ (direct) আৰু আনবিধ পৰোক্ষ(indicat)। প্ৰত্যক্ষবোৰত আমাক কোৱা হৈছে{যেনেঃ হে মুমিনসকল!(৫:৯০)}আৰু পৰোক্ষবোৰত(যিমান কোল-قُلْৰে আৰম্ভ হোৱা আয়াত আছে) ৰছুলক কোৱা হৈছে।
।।।।
ৰছুলক কোৱাবোৰো আমাৰ ওপৰত এল্লাহৰ হুকুম। কাৰণ ৰছুল আমাৰ "উত্তম আদৰ্শ" যিটোক তথা-কথিত হাদিসলৈ পুনাব নোৱাৰিব। এই কথাটোৱেই আমি উপৰত উল্লেখ কৰি আহিছো।
ক্ৰমশঃ
।।।।
🌋(হাদিসৰ অনুসন্ধানত)🌋
🌶comp🌶edit🦀writer🌶syedraf🌶
.
📚(লিখনীৰ আঁৰৰ বিশেষজ্ঞ আৰু লেখকসকলঃ
🅰মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (কানাডা)।
🅱লেখকঃ ডাঃ এচ,আহমেদ (ফ্লৰিদা),
জি,এ,পাৰৱেয(পাকিস্তান), এডিপ-লেথ (আমেৰিকা)।
ক্ৰমশঃ...
🌐106= Meaning of "Good Example' means Sunnah of Prophet?
https://www.facebook.com/100003598598517/posts/2368326706630593/?app=fbl
Comments
Post a Comment